প্ৰশ্নাৱলী(পৃষ্ঠা-269)
1. পৰিৱেশ হিতৈষী হবলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?
উত্তৰঃ- পৰিৱেশ হিতৈষী হবলৈ পৰিৱৰ্তন কৰিব লগীয়া অভ্যাসবোৰ হল-
i) ব্যৱহাৰ কৰি নথকা অৱস্থাত বিজুলী বাতি, পাংখা আদি বন্ধ ৰখা ।
ii) খাদ্য অপচয় নকৰা ।
iii) প্লাষ্টিকৰ মোনা ব্যৱহাৰ পৰিহাৰ কৰা ।
iv) বিদ্যালয়, অফিচ-কাৰ্যালয় আদিলৈ অহা-যোৱাৰ বাবে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা।
v) জৈৱ নিম্নিকৰণ আৰু জৈৱ অনিম্নিকৰণ আৱৰ্জনাৰ পৃথকে পৃথকে ব্যৱস্থাপনা কৰা ।
2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হব পাৰে ?
উত্তৰঃ- ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধাসমূহ হল-
i) বৃহৎ সংখ্যাক জনসংখ্যাৰ চাহিদা পূৰণ হব ।
ii) বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰ হব ।
iii) ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ ফলত পৰিৱেশৰ সংৰক্ষণ হব ।
3. সম্পদৰ এনেধৰণৰ(ক্ষন্তেকীয়া) সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ?
উত্তৰঃ-
| ক্ষন্তেকীয়া উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা | দীৰ্ঘম্যাদী উদ্দেশ্যেৰে সম্পদৰ ব্যৱস্থাপনা |
| i) বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পুৰাব, ভৱিষ্যত প্ৰজন্মলৈ নাথাকিব । | i) বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পুুৰোৱাৰ ওপৰি ভৱিষ্যত প্ৰজন্মৰ বাবেও সংৰক্ষিত হব । |
| ii) অধিক হাৰত ব্যৱহাৰ হয় । | ii) বহনক্ষম ব্যৱহাৰ হয় । |
| iii) আৱৰ্জনা ব্যৱস্থাপনা কৰা নহয় । | iii) আৱৰ্জনা এনেভাৱে ব্যৱস্থাপনা কৰা হয় যাতে পৰিৱেশ প্ৰদূষিত নহয় । |
4. সম্পদসমূহৰ সমভাৱে বিতৰণ হব লাগে বুলি কিয় ভাবা ? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?
উত্তৰঃ- পৃথিৱীৰ পৰা আহৰণ কৰা মূল্যৱান প্ৰাকৃতিক সম্পদসমূহ যাতে সকলো লোকৰ বাবে সমানে উপলব্ধ হয় সেয়া সুনিশ্চিত কৰাৰ বাবে সম্পদসমূহৰ সমভাৱে বিতৰণ হোৱটো খুবেই প্ৰয়োজনীয় । প্ৰতিজন ব্যক্তিৰে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ আছে । সেয়েহে সুবিধাসমূহ ধনী আৰু দুখীয়া শ্ৰেণীয়ে যাতে সমভাৱে পায় আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাব পাৰে তাৰ বাবে ই জৰুৰী ।
আমাৰ প্ৰাকৃতিক সম্পদৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰি থকা শক্তি সমূহ হল-
i) ক্ষমতাশালী লোকৰ কৰ্তৃত্ব ।
ii) দুৰ্নীতি ।
iii) ধনৰ লোভ ।
iv) ধনীক শ্ৰেণীৰ খ্যাতি । ইত্যাদি ।
প্ৰশ্নাৱলী(পৃষ্ঠা-273)
1. বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?
উত্তৰঃ- বন আৰু বন্যপ্ৰাণী সমূহৰ সংৰক্ষণ কৰিব লাগে কিয়নো এইবোৰৰ সংৰৰক্ষণে বিভিন্ন ক্ষেত্ৰত সহায় কৰে-
i) জৈৱ বৈচিত্ৰ্য অটুট ৰাখি পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা বজায় ৰাখে ।
ii) বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অনুজীৱৰ প্ৰজাতি সংৰক্ষণত সহায় কৰে ।
iii) মানুহ আৰু অন্যান্য প্ৰাণীৰ খাদ্য আৰু আশ্ৰয় যোগনত সহায় কৰে ।
iv) কাঠ খৰি, বিভন্ন কেঁচা মাল যেনে- চিল্ক, মৌ, কাঠ, ঔষধ আদি লাভ কৰাত সহায় কৰে ।
v) বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত সহায় কৰে ।
2. বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা ।
উত্তৰঃ- বনাঞ্চল সংৰক্ষনৰ বাবে তলত দিয়া ধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰিব পাৰি-
i) বাণিজ্যিক উদ্দেশ্যত গছ কটা বন্ধ কৰা ।
ii) বনানিকৰণ কৰা ।
iii) বনাঞ্চন ধ্বংস আৰু জীৱ জন্তুৰ চিকাৰ বন্ধ কৰাৰ বাবে কঠোৰ চৰকাৰী আইন প্ৰনয়ন কৰা ।
iv) বনাঞ্চল ৰক্ষাৰ বাবে স্থানীয় লোকক উৎসাহিত কৰা ।
v) সাবধানতাৰে বন জুই আৰু অত্যাধিক পশুচাৰণ বন্ধ কৰা ।
প্ৰশ্নাৱলী(পৃষ্ঠা-276)
1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা ।
উত্তৰঃ- পৰম্পৰাগত পানী ব্যৱস্থাপনৰ পদ্ধতিসমূহ হল-
i) পুখুৰী, হ্ৰদ বা খাল আদি খান্ধা ।
ii) জলধাৰ নিৰ্মাণ কৰা ।
iii) ঘৰৰ ছালৰ পানী জমা কৰিবলৈ ব্যৱস্থাপনা কৰা ।
iv) ঠায়ে ঠায়ে জলবিভজিকা নিৰ্মাণ কৰা ।
v) বৰষুণৰ পানী সংৰক্ষণৰ বাবে জলাশয় স্থাপন কৰা ।
2. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা ।
উত্তৰঃ-
| পাহাৰীয়া অঞ্চলৰ পানী সঞ্চয়ৰ ব্যৱস্থাপনা | সমতল ভূমি বা মালভূমি অঞ্চলৰ পানী সঞ্চয়ৰ ব্যৱস্থাপনা । |
| i) পাহাৰীয়া দাঁতি কাষৰিয়া অঞ্চলত পানীৰ আধাৰ স্থাপন কৰা হয় যাতে বৈ অহা পানী তাত জমা হয় । | i) অৰ্ধচন্দ্ৰাকৃতিৰ মাটিৰে বান্ধ, নাইবা চাপৰ, পোন কংক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা 'চক ডাম্চ' সাধাৰণতে বোৱতী পানীয়ে কৰা দ নলা বা জানত নিৰ্মাণ কৰা হয় । |
| ii) পাহাৰীয়া অঞ্চলত পানী কমকৈ বাষ্পভৱন হয় বাবে পানী প্ৰায় সকলো ঋতুতে সংগ্ৰহ কৰিব পাৰি । | ii) বাৰিষাৰ কালৰ পিছত পানী শুকাবলৈ ধৰে । |
| iii) পাহাৰীয়া অঞ্চল কঠিন শিলাৰে গঠিত বাবে প্ৰয়ভাগ ঠায়তে পানী ভূ-গৰ্ভস্ত হব নোৱাৰে । | iii) বান্ধবোৰে পানী ধৰি ৰখাৰ লগতে ই ভূ-গৰ্ভৰ পানী উদজীৱিত কৰে । |
| iv) নলা, বাহৰ নলা আৰু অন্যান্য পদ্ধতিৰে পানী এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰা হয় । | iv) যিহেতু পানী ভ-গৰ্ভস্ত হয় সেয়েহে বৃহৎ এলেকাত পানী উপলবদ্ধ থাকে । |
3. তোমালোকৰ স্থানীয় অঞ্চলৰ পনীৰ উৎসবোৰ বিচাৰি উলিওৱা । সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পাইনে ?
উত্তৰঃ- স্থানীয় অঞ্চলত বিচাৰি পোৱা পানীৰ উৎসমূহ হল-
(চহৰ)
i) ভূগৰ্ভৰ পানী,
ii) পৌৰ নিগমে যোগান ধৰা পানী,
iii) হেণ্ডপাম্প ।
(গ্ৰামাঞ্চল)-
i) পুখুৰী,
ii) হ্ৰদ,
iii) কুৱা ।
অনুশীলনী(পৃষ্ঠা-278)
1. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াবা ?
উত্তৰঃ- পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত তলত দিয়া ধৰণে পদক্ষেপ লব পাৰি-
i) পলিথিনৰ সলনি মৰাপাট, কাগজ আৰু কাপোৰৰ মোনা বা বেগৰ ব্যৱহাৰ কৰা ।
ii) ৰাসায়নিক সাৰৰ সলনি বাগিছাত জৈৱ সাৰ ব্যৱহাৰ কৰা ।
iii) টেপ আৰু পাইপৰ ফাঁট বা সুৰুঙা মেৰামতি কৰা ।
2. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কৰাণে তোমালোকৰ বিদ্যায়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা ?
উত্তৰঃ- পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে বিদ্যালয়ত লব পৰা পদক্ষেপসমূহ হল-
i) বিদ্যালয়ত প্লাষ্টিকৰ ব্যৱহাৰ নিষেধ কৰা ।
ii) ব্যৱহাৰ কৰি নথকা অৱস্থাত বিজুলী বাতি, পাংখা আদি বন্ধ ৰাখা ।
iii) শৌচাগাৰ, টেপ আদিত পানীৰ অপচয় বন্ধ কৰা ।
iv) খেলপথাৰৰ দাঁতিত গছ ৰোৱা ।
v) জৈৱ নিম্নিকৰণ আৰু জৈৱ অনিম্নিকৰণ আৱৰ্জনাবোৰৰ পৃথকে পৃথকে ব্যৱস্থাপনা কৰা ।
3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ(Stake holders) আছে । এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে ? তুমি কিয় তেনেকৈ ভাবা ?
উত্তৰঃ- বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত চাৰিটা অংশীদাৰ হল-
i) স্থানীয় লোক
ii) বনবিভাগ
iii) উদ্যোগপতি
iv) বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সচেতন লোক ।
এই সকলোৰে ভিতৰত স্থানীয় লোক যিয়ে বনাঞ্চনৰ আশে-পাশে বাস কৰে তেওঁলোকৰ বনাঞ্চলৰ উৎপাদিত সামগ্ৰীৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত । তেওঁলোকে প্ৰয়োগ কৰা জীৱন ধাৰণ শৈলিয়ে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা অটুট ৰখাত সহায় কৰে । তেওঁলোকে বহু শতিকাজুৰি বহনক্ষম উপায়েৰে বনজ সম্পদ ব্যৱহাৰ কৰি আহিছে
কেৱল স্থানীয় লোককে সম্পূৰ্ণ দায়িত্ব দিয়াটো যুগুত নহয় । এইক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষৰ হস্তক্ষেপ অতি প্ৰয়োজনীয় ।
4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দ্বয়িত্ব লবা ?
a) বন আৰু বন্যপ্ৰাণী
b) জলসম্পদ
c) কয়লা আৰু পেট্ৰ'লিয়াম
উত্তৰঃ- এজন সাধাৰণ ব্যক্তি হিচাপে লব পৰা ব্যৱস্থাসমূহ হল-
a) বন আৰু বন্যপ্ৰাণীঃ-
i) জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া ।
ii) বনানিকৰণৰ যোগেদি বন্যপ্ৰাণীৰ বাসস্থানক সুৰক্ষা দিয়া ।
iii) বন্যপ্ৰাণী চিকাৰ কৰা লোকক বাধা দিয়া ।
iv) মানুহৰ মাজত বন্যপ্ৰাণী আৰু বনাঞ্চলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা ।
b) জলসম্পদঃ-
i) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ ৰখা ।
ii) জলসম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা ।
iii) খোৱাৰ উপযোগী পানী কেৱল খাবলৈহে ব্যৱহাৰ কৰা ।
iv) কাপোৰ ধোৱা আৰু গা ধোৱা পানী শৌচাগাৰ আধি চাফা কৰাত ব্যৱহাৰ কৰা ।
c) কয়লা আৰু পেট্ৰ'লিয়াম
i) মটৰচাইকেলৰ পৰিৱৰ্তে কম দূৰত্ব যাবৰ বাবে খোজকাঢ়া বা চাইকেল চলোৱা ।
ii) শক্তিৰ বিকল্প উৎস যেনে- সৌৰশক্তি আৰু বায়ুশক্তিৰ ব্যৱহাৰ কৰা ।
iii) বিদ্যালয়, অফিচ-কাৰ্যলয় আদিলৈ অহা যোৱাৰ বাবে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহনৰ ব্যৱহাৰ কৰা ।
5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা ?
উত্তৰঃ- বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলত দিয়া ধৰণে পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়-
i) ব্যৱহাৰ কৰি নথকা অৱস্থাত বিজুলী বাতি, পাংখা আদি বন্ধ ৰাখা ।
ii) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰখা।
iii) প্ৰয়োজনতকৈ অধিক খাদ্য কাঁহীত নলয় খাদ্যৰ অপচয় বন্ধ কৰা ।
iv) প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ পৰিহাৰ কৰা । তাৰ সলনি মৰাপাট, কাগজ আদিৰ বেগ ব্যৱহাৰ কৰা ।
v) জৈৱ নিম্নিকৰণ আৰু জৈৱ অনিম্নিকৰণ আৱৰ্জনাবোৰ পৃথকে পথকে ব্যৱস্থাপনা কৰা ।
6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্ৰস্তুত কৰা (পাঁচটাকৈ)
a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ
b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি
a) উত্তৰঃ- আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কৰ্য হলঃ-
i) স্কুলৰ বাবে ৰাজহুৱা গাড়ীৰ ব্যৱহাৰ ।
ii) ব্ৰাছ কৰি থাকোঁতে আৰু চাবোন ঘঁহোতে পানীৰ টেপ বন্ধ ৰখা ।
iii) গছ এজোপা ৰুইছোঁ ।
iv) গূহ কাৰ্য কৰাৰ সময়ত অনুশীলনৰ বাবে পুৰণা কাগজ আৰু বাতৰি কাকতৰ ব্যৱহাৰ ।
v) পলিথিনৰ মোনাৰ ব্যৱহাৰ এৰি মৰাপাটৰ মোনাৰ ব্যৱহাৰ ।
b)উত্তৰঃ- আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচাৰ বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কাৰ্য হলঃ-
i) চিৰিৰ সলনি লিফ্টৰ ব্যৱহাৰ ।
ii) বাথৰুমৰ লাইট যোৱা ৰাতি অফ্ কৰিব পাহৰা ।
iii) প্লাষ্টিকৰ পুতলা কিনা ।
iv) হাতৰ কাম কৰোঁতে কাগজ অপচয় কৰা ।
v) কাপোৰ ধোৱা সময়ত পানীৰ টেপ বন্ধ কৰিব পাহৰা ।
7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা ?
উত্তৰঃ-প্ৰাকৃতিক সম্পদবোৰৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তলত দিয়া ধৰণে পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়-
i) ব্যৱহাৰ কৰি নথকা অৱস্থাত বিজুলী বাতি, পাংখা আদি বন্ধ ৰাখা ।
ii) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰখা।
iii) প্ৰয়োজনতকৈ অধিক খাদ্য কাঁহীত নলয় খাদ্যৰ অপচয় বন্ধ কৰা ।
iv) প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ পৰিহাৰ কৰা । তাৰ সলনি মৰাপাট, কাগজ আদিৰ বেগ ব্যৱহাৰ কৰা ।
v) জৈৱ নিম্নিকৰণ আৰু জৈৱ অনিম্নিকৰণ আৱৰ্জনাবোৰ পৃথকে পথকে ব্যৱস্থাপনা কৰা ।