দশম শ্ৰণী বিজ্ঞান কাৰ্বন আৰু তাৰ যৌগ
প্ৰশ্নাৱলী (Page - 61)
1. কাৰ্বন ডাই অক্সাইড (CO2) ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হব ?
উত্তৰঃ- কাৰ্বন ডাই অক্সাইড (CO2) ৰ ইলেক্ট্ৰন বিন্দু গঠন হ'ল-

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্ৰন বিন্দু গঠন কি হব ?
(ইঙ্গিত - আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে ।)
উত্তৰঃ- S8 ছালফাৰ অণুৰ ইলেকট্ৰন বিন্দু গঠন হ'ল-

প্ৰশ্নাৱলী (Page- 68)
1. পেন্টেনৰ (C5H12) বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা ?
উত্তৰঃ- পেন্টেনৰ (C5H12) বাবে 3 টা গঠন সমযোগী আঁকিব পাৰি-

2. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ পাওঁ ?
উত্তৰ- কাৰ্বনৰ চৰ্তুসযোজ্যতা আৰুৰ কেটিনেচন ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন-যৌগ পাওঁ ।
3.চাইক্লপেন্টেনৰ সংকেট আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা ।
উত্তৰ- চাইক্লপেন্টেনৰ সংকেত হ'ল - C5H10 ।
চাইক্লপেন্টেনৰ ইলেক্ট্ৰনীয় বিন্দু গঠন-

4. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা-
(i) ইথানয়িক এছিড (ii) ব্ৰমপেন্টেন* (iii) বিউটানন (iv) হেক্সানেল
*ব্ৰমপেন্টেনৰ সমযোগী সম্ভৱনে ?
উত্তৰ- (i) ইথানয়িক এছিড (CH3COOH)

(ii) ব্ৰমপেন্টেনৰ বাবে 3 টা গঠন গমযোগী সম্ভৱ- (C5H11Br)

(iii) বিউটান'ন (C4H10O)

(iv) হেক্সানেল (C6H12O)

5. তলৰ যৌগবোৰৰ নাম লিখা-
(i) CH3-CH2-Br
উত্তৰ- ব্ৰ'ম'ইথেন ।
(ii)

উত্তৰ- মিথানেল ।
(iii)

উত্তৰ- হেক্সাইন ।
প্ৰশ্নাৱলী (Page- 71)
1. ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া ?
উত্তৰ- ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো এটা জাৰণ বিক্ৰিয়া কাৰণ-
(i) ইথানইক এছিডৰ ইথানলতকৈ এটা বেছি অক্সজেন পৰমাণু থকে আৰ্থাৎ ই অক্সিজেন আহৰণ কৰে ।
(ii) ইথানলক ইথানইক এচিডলৈ ৰূপান্তৰ কৰোতে দুটা হাইড্ৰজেন পৰমাণু হেৰুৱায় ।
2. লোহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইন দহন কৰা হয় ।ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?
উত্তৰ- ইথাইনক অক্সিজেনৰ সৈতে দহন কৰিলে ই অমলিন নীলা শিখা আৰু লোহা জোৰা দিবৰ বাবে প্ৰয়োজনীয় তাপ উৎপন্ন কৰে । কিন্তু ইথাইন অসংপৃত্ত হাইড্ৰ'কাৰ্বন হোৱা বাবে ইয়াক বায়ুৰ লগত দহন কৰিলে অসম্পূৰ্ণ দহন ঘটি ক'লা ধোঁৱা আৰু এলান্দু নিৰ্গত হয় । ইয়াৰ ফলত লোহা জোৰা দিবৰ বাবে প্ৰয়োজনীয় তাপ প্ৰপ্ত নহয় ।
প্ৰশ্নাৱলী (Page- 74)
1. পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি ?
উত্তৰ- যদি এটা পৰীক্ষানলত এলকহল আৰু আন এটা পৰিক্ষানলত কাৰ্বক্সিলিক এছিড লৈ দুয়োটা দ্ৰৱতে পৃথকে পৃথকে নীলা লিটমাছ কাগজ দিওঁ তেন্তে কাৰ্বক্সিলিক এছিডত দিয়াৰ লগে লগে নীলা লিটমাছ ৰঙা হ'ব । কিয়নো এচিডে নীলা লিটমাছ ৰঙা কৰে। আনহাতে এলকহলৰ দ্ৰৱত লিমাছৰ ৰঙৰ পৰিৱৰ্তন নহয় ।
2. জাৰক দ্ৰব্য কি ?
উত্তৰ- যিবোৰ দ্ৰৱই বিক্ৰিয়াত আন যৌগক অক্সিজেন দিবলৈ পাৰে তাকে জাৰক দ্ৰব্য বুলি কোৱা হয় ।
প্ৰশ্নাৱলী (Page- 76)
1. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পাৰিবানে ?
উত্তৰ- অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব নোৱাৰি । কিয়নো অপমাৰ্জকে কঠিন আৰু কোমল দুয়োবিধ পানীতে ফেন সৃষ্টি কৰে আৰু কাৰ্যক্ষম হয় । অপমাৰ্জকৰ আহিত মেৰুবোৰে কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত অদ্ৰৱণীয় অধঃক্ষেপ সৃষ্টি নকৰে । (Answer, Page- 76)
2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে । সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (washing machine) ভৰাই জোকাৰি দিয়ে । কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?
উত্তৰ- চাবোনে মাইছেল বা কণাপুঞ্জৰ থূপ সৃষ্টি কৰে । এই পুঞ্জবোৰ পানীৰ মাজত একক দিশত সজ্জিত হয় আৰু তেলীয়া মলিবোৰক কেন্দ্ৰত জমা কৰে । মাইছেলবিলাক অবদ্ৰৱ হিচাপে থাকে আৰু আয়ন-আয়ন বিকৰ্ষণৰ বাবে অধঃক্ষিপ্ত নহয় । গতিকে চাবোনে ফেনৰ কণাপুঞ্জৰ সহায়ত মলি আঁতৰাব পাৰে । সেয়ে মাইছেলত ওপঙি থকা মলি সহজতে থুকুছি, ভৰিৰে গছকি বা ব্ৰাছ কৰি জাকৰি আতৰাব পাৰি । জোকাৰি দিলে মলিবোৰ পানীত দ্ৰৱীভূত কৰাত সহায় কৰে । (Answer, Page- 75)
অনুশীলনী (Page- 77)
1. ইথেন (C2H6) অনু এটাত
(a) 6 টা সহযোজী বান্ধনি আছে ।
(b) 7 টা সহযোজী বান্ধনি আছে ।
(c) 8 টা সহযোজী বান্ধনি আছে ।
(d) 9 টা সহযোজী বান্ধনি আছে ।
উত্তৰ- (b) 7 টা সহযোজী বান্ধনি আছে ।
2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান'নত থকা কাৰ্যকৰী মূলক হ'ল -
(a) কাৰ্বক্সিলিক এচিড
(b) এলডিহাইড
(c) কিট'ন
(d) এলকহল
উত্তৰ- (c) কিট'ন
3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক'লা পৰে কিয়নো-
(a) খাদ্য ভালদৰে নিসিজিল ।
(b) ইন্ধনৰ সম্পূৰ্ণৰূপে দহন নহয় ।
(c) ইন্ধনটো সিক্ত ।
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় ।
উত্তৰ- (b) ইন্ধনৰ সম্পূৰ্ণৰূপে দহন নহয় ।
4. CH3Cl ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা ।
উত্তৰ- দুটা পৰমাণুৰ মাজত ইলেকট্ৰনৰ ভাগ-বতৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বোলে । CH3Cl ৰ গঠনত কাৰ্বন (C) ক যোজক কক্ষ সম্পূৰ্ণ কৰিবলৈ 4 টা ইলেকট্ৰন, হাইড্ৰজেন (H)ক এটাকৈ ইলেকট্ৰন আৰু ক্লৰিন (Cl)ক এটা ইকেট্ৰনৰ প্ৰয়োজন । সেয়ে কাৰ্বনে তিনিটা হাইড্ৰজেন পৰমাণু আৰু এটা ক্লৰিন পৰমাণুৰ সৈতে ভাগ-বতৰা কৰে আৰু সহযোজী বান্ধনি গঠন কৰে ।

5. তলত দিয়াবিলাকৰ ইলেকট্ৰন বিন্দু গঠন লিখা-
(a) ইথানয়িক এচিড
(b) H2S
(c) প্ৰপান'ন
(d) F2
উত্তৰ- (a) ইথানয়িক এচিড

(b) H2S

(c) প্ৰপান'ন

(d) F2

6. সমগণীয় শ্ৰেণী কাক বোলে ? উদাহৰণ দি বুজাই লিখা ।
উত্তৰ- যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্ৰেণী বোলে ।
উদাহৰণস্বৰূপে- CH3OH, C2H5OH (কাৰ্যকৰী মূলক OH, এলকহল) (Answer, Page- 66)
7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিক্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা ।
উত্তৰ-(i) ইথানলে শীতকালত গোট নামাৰে আনহাতে ইথানয়িক এচিডে শীতকালত গোট মাৰে ।
(ii) ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ সৈতে ইথানলে বিক্ৰয়া নকৰে আনহাতে ইথানয়িক এচিডে বাক্ৰিয়া কৰি লৱণ, CO2 আৰু H2O উৎপন্ন কৰে । (Answer, Page- 72, 73 & 74)
8. পানীত চাবোন দিলে কিয় ফেন উঠে ? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে ?
উত্তৰ- চাবোনৰ অনুবিলাকৰ জলাকৰ্ষী আৰু জলবিকৰ্ষী দুটা মেৰু থাকে । জলাকৰ্ষী মেৰুটো পানীত দ্ৰৱণীয় আৰু জলাবিকৰ্ষী মেৰুটো হাইড্ৰকাৰ্বন দ্ৰৱণীয় । পানীৰ মাজত এই অণুবোৰ একক দিশত সজ্জিত হয় য'ত হাইড্ৰকাৰ্বন অংশ পানীৰ বাহিৰ পৃষ্ঠফালে মূৰ কৰি থাকে । তেতীয়া মলিবোৰ এই অনুবোৰৰ সংস্পৰ্শত আহিলে এনেভাৱে পুঞ্জীভূত হয় যে জলাবিকৰ্ষী মেৰু পুঞ্জটোৰ ভিতৰৰ মূৰ কৰি আৰু ধ্ৰুৱীয় মেৰু পুঞ্জটোৰ বাহিৰত থাকে আৰু মলিবোৰ কেন্দ্ৰত জমা হয় । এনেদৰেই কণাপুঞ্জ বা ফেনৰ সৃষ্টি হয় ।
চাবোনে কেৱল পানীতহে ফেন সৃষ্টি কৰে । ইথানলৰ দৰে অন্য দ্ৰাৱকত ফেন সৃষ্টি নহয় । (Answer, Page- 75)
9. প্ৰায় সকলো ক্ষেত্ৰতে কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয় । কিয় ?
উত্তৰ- কাৰ্বন আৰু ইয়াৰ যৌগবোৰ প্ৰায় সকলো ক্ষেত্ৰতে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় । কাৰণ এইবোৰ দহন কৰিলে CO2 উৎপন্ন হোৱাৰ উপৰিও উচ্চ পৰিমাণৰ তাপ আৰু পোহৰ নিৰ্গত হয় । (Answer, Page- 69)
10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা ।
উত্তৰ- চাবোনৰ অণুবোৰ হৈছে দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এছিডৰ ছডিয়াম বা পটাছিয়াম লৱণ । কঠিন পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত চাবোনৰ ক্ৰিয়া হলে অদ্ৰৱণীয় বগা পদাৰ্থ বা গেদ সৃষ্টি হয় । ফলত চাবোনৰ ফেন সহজতে নুঠে আৰু অধিক পৰিমাণৰ চাবোন খৰচ হয়। (Answer, Page- 79)
11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা ?
উত্তৰ- চাবোন ক্ষাৰকীয় প্ৰকৃতিৰ হোৱা বাবে চাবোন পানীত ৰঙা লিটমাচ কাগজ দিলে ই নীলা হব । আনহাতে নীলা লিটমাচ কাগজ দিলে ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহব। (Answer, Page- 17)
12. হাইড্ৰ'জেনেচন মানে কি ? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা ।
উত্তৰ- পেলাডিয়াম আৰু নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃত্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ কৰিলে সংপৃত্ত হািড্ৰকাৰ্বন উৎপন্ন হয়। ইয়াকে হাইড্ৰজেনেচন বোলে ।
ইয়াক নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰজেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰা হয়। (Answer, Page- 71)
13. তলৰ কোনবিলাকৰ হাইড্ৰ'কাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় ?
C2H6, C3H8, C3H6, C2H2, আৰু CH4
উত্তৰ- যিহেতু অসংপৃত্ত হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায় । গতিকে C3H6 আৰু C2H2 যৌগ দুটাই যোগাত্মক বিক্ৰিয়া দেখুৱাব। (Answer, Page- 71)
14. মাখন (butter) আৰু খোৱাতেলৰ (cooking oil) মাজত পাৰ্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰ- ব্ৰমিনৰ পানীৰ পৰীক্ষাটো ব্যৱহাৰ কৰি মাখন আৰু খোৱাতেলৰ মাজত পাৰ্থক্য দেখুৱাব পাৰি । ব্ৰমিনৰ মুগা ৰং অসংপৃত্ত হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰিলে নাইকিয়া হৈ পৰে । কিন্তু ব্ৰমিনে সংপৃত্ত হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া নকৰে । যিহেতু খোৱাতেল অসংপৃত্ত হাইড্ৰকাৰ্বন গতিকে ইয়াক ব্ৰমিনৰ দ্ৰৱত যোগ কৰিলে ব্ৰমিনৰ ৰং নাইকিয়া হব । আনহতে মাখন সংপৃত্ত হোৱা বাবে ব্ৰমিনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহব ।
15. চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া (cleaning action) ব্যাখ্যা কৰা ।
উত্তৰ- চাবোনৰ অনুবিলাকৰ জলাকৰ্ষী আৰু জলবিকৰ্ষী দুটা মেৰু থাকে । জলাকৰ্ষী মেৰুটো পানীত দ্ৰৱণীয় আৰু জলাবিকৰ্ষী মেৰুটো হাইড্ৰকাৰ্বন দ্ৰৱণীয় । পানীৰ মাজত এই অণুবোৰ একক দিশত সজ্জিত হয় য'ত হাইড্ৰকাৰ্বন অংশ পানীৰ বাহিৰ পৃষ্ঠফালে মূৰ কৰি থাকে । তেতীয়া মলিবোৰ এই অনুবোৰৰ সংস্পৰ্শত আহিলে এনেভাৱে পুঞ্জীভূত হয় যে জলাবিকৰ্ষী মেৰু পুঞ্জটোৰ ভিতৰৰ মূৰ কৰি আৰু ধ্ৰুৱীয় মেৰু পুঞ্জটোৰ বাহিৰত থাকে আৰু মলিবোৰ কেন্দ্ৰত জমা হয় । এনেদৰেই কণাপুঞ্জ বা ফেনৰ সৃষ্টি হয় । মাইছেলবিলাক অবদ্ৰৱ হিচাপে থাকে আৰু আয়ন-আয়ন বিকৰ্ষণৰ বাবে অধঃক্ষিপ্ত নহয় । গতিকে চাবোনে ফেনৰ কণাপুঞ্জৰ সহায়ত মলি আঁতৰাব পাৰে । সেয়ে মাইছেলত ওপঙি থকা মলি সহজতে থুকুছি, ভৰিৰে গছকি বা ব্ৰাছ কৰি জাকৰি আতৰাব পাৰি । (Answer, Page- 75)