অধ্যায় ২ঃ
প্ৰশ্নাৱলী
1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে । সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে । যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা ?
উত্তৰঃ নীলা লিটমাছ কাগজ তিনিওটা পৰীক্ষানলত দিয়া হল । ইয়াৰ যিটো পৰীক্ষা নলত নীলা লিটমাছখন ৰঙা হল সেই দ্ৰৱখিনি এছিড আৰু ৰঙা লিটমাছ বাকী দুটা পৰীক্ষানলত দিয়া হল । যিটো পৰীক্ষানলত লিটমাছখন পুনৰ নীলা হয় সেই দ্ৰব্যখিনি ক্ষাৰকীয় হব বাকী থকা পৰীক্ষানলত পতিত পানী থকা বুলি চিনাক্ত কৰা হব ।
প্ৰশ্নাৱলী
1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ?
উত্তৰঃ দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়নো ইহঁত আম্লিক প্ৰকৃতিৰ । ইহঁতক ধাতুৰ পাত্ৰত থলে বিক্ৰিয়া সংঘটিত কৰি বিষাক্ত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে । লগতে এছিডৰ সৈতে বিক্ৰিয়া সংঘটিত কৰিলে ধাতুৰ পাত্ৰ ক্ষয়প্ৰাপ্ত হব পাৰে ।
2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় ? এটা উদাহৰণেৰে সৈতে বুজাই লিখা । এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?
উত্তৰঃ এছিডে ধাতুৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে । উদাহৰণস্বৰূপে - Na ধাতুৱে HCl এছিডৰ সৈতে বিক্ৰিয়া কৰি H2 গেছ উৎপন্ন কৰে । 2Na (s) + 2HCl(aq) → 2NaCl+H2(g). এতিয়া জলন্ত মম এডাল গেছটোৰ কাষলৈ আনিলে ফট ফট শব্দ কৰি গেছখিনি জ্বলি উঠে । ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে গেছখিনি হাইড্ৰজেন ।
3. এটা ধাতৱ যৌগ A লঘু হাইড্ৰক্লৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে । উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায় । বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হলে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখা ।
উত্তৰঃ- গেছটোৱে বুৰবুৰণিৰ সৃষ্টি কৰিছে আৰু লগতে গেছটোৱে জুই নুমূৱাত সহায় কৰে সেয়েহে আমি কব পাৰো গেছটো কাৰ্বন ডাই অক্সাইড, CO2. যিহেতু বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড গতিকে A যৌগটো হব কেলছিয়াম কাৰ্বনেট, CaCO3 । বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ হল - CaCO3+2HCl → CaCl2+CO2+ H2O.
প্ৰশ্নাৱলী
1. জলীয় দ্ৰৱত HCL,HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকজৰ দৰে যৌগৰ দ্ৰৱই আম্লিকক ধৰ্ম নেদেখুৱায় ?
উত্তৰঃ জলীয় দ্ৰৱত HCL,HNO3 ইত্যাদিৰ দৰে এছিডসমূহে আম্লিক ধৰ্ম দেখুৱায় কাৰণ সিহঁতে জলীয় দ্ৰৱত হাইড্ৰনিয়াম আয়ন H3O+ বা H+ উৎপন্ন কৰে, আনহাতে এলকহল আৰু গ্লুকজৰ দৰে যৌগই হাইড্ৰনিয়াম আয়ন H3O+ বা H+ উৎপন্ন নকৰে সেয়েহে ইহঁতে আম্লিক ধৰ্ম নেদেখুৱায় ।
2. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ?
উত্তৰঃ এছিড এটাৰ জলীয় দ্ৰৱই কেটায়ন উৎপন্ন কৰে । আয়নবোৰ আধানৰ বাহক হোৱা বাবে এছিড এটাৰ জলীয় দ্ৰৱই বিদ্যৎ পৰিবহন কৰে ।
3. শুকান HCL গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ?
উত্তৰঃ এছিডে কেৱল পানীৰ উপস্থিতিতহে হাইড্ৰজেন আয়ন, H+ বা হাইড্ৰনিয়াম আয়ন, H3O+ উৎপন্ন কৰে । এই আয়নবোৰৰ বাবেহে এছিডে এছিডৰ ধৰ্ম দেখুওৱায় । পানীৰ অনুপস্থিতিত এছিডে হাইড্ৰজেন আয়ন, H+ বা হাইড্ৰনিয়াম আয়ন, H3O+ উৎপন্ন কৰিব নোৱাৰে বাবে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ।
4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয ?
উত্তৰঃ এছিড সদায় পানীতহে লাহে লাহে যোগ কৰিব লাগে আৰু এইটো কৰোঁতে দ্ৰৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে । যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্নটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে । অত্যাধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাগিবও পাৰে । আৰু আমাৰ ক্ষতি কৰিব পাৰে ।
5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়ন (H3O+)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তত হয় ?
উত্তৰঃ এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে প্ৰতি একক আয়তনত আয়ন (H3O+/OH-) ৰ সংখ্যা হ্ৰাস পায় । ইয়াৰ ফলত হাইড্ৰনিয়াম আয়ন (H3O+)ৰ গাঢ়তা হ্ৰাস পায় আৰু লগতে এছিডৰ তীব্ৰতা হ্ৰাস পায় ।
6. ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়ন (OH-)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হব ?
উত্তৰঃ ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে প্ৰতি একক আয়তনত হাইড্ৰক্সাইড আয়ন (OH-)ৰ সংখ্যা বৃদ্ধি পায় । ইয়াৰ ফলত হাইড্ৰক্সাইড আয়ন (OH-)ৰ গাঢ়তা বৃদ্ধি পোৱাৰ লগতে ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি পায় ।
প্ৰশ্নাৱলী
1. তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে । দ্ৰৱ A ৰ PH ৰ মান 6 আৰু দ্ৰৱ B ৰ PH ৰ মান 8 । কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি ? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় ?
উত্তৰঃ যিহেতু দ্ৰৱ A ৰ PH ৰ মান 6 আৰু দ্ৰৱ B ৰ PH ৰ মান 8, গতিকে দ্ৰৱ B ৰ তুলনাত দ্ৰৱ A ৰ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি । যিহেতু দ্ৰৱ A ৰ PH ৰ মান 6, গতিকে দ্ৰৱটো আম্লিক আৰু দ্ৰৱ B ৰ PH ৰ মান 8 ,গতিকে দ্ৰৱটো ক্ষাৰকীয় ।
2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে ?
উত্তৰঃ H+(aq) আয়নৰ গাঢ়তা বৃদ্ধি হলে দ্ৰৱটো অধিক আম্লিক হয় আৰু H+(aq) গাঢ়তা কম হলে দ্ৰৱটো কম পৰিমাণে আম্লিক আৰু অধিক মাত্ৰাত ক্ষাৰকীয় হয় ।
3. ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে ? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?
উত্তৰঃ- হয়, ক্ষাৰকীয় দ্ৰৱতো H+(aq) আয়ন থাকে । অৱশ্যে, ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়নৰ গাঢ়তা হাইড্ৰক্সাইড আয়ন, OH- ৰ গাঢ়তাতকৈ কম সেয়ে এনে দ্ৰৱ ক্ষাৰকীয় ।
4. মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূন (কেলছিয়াম অক্সাইড) বা শিথিলিত চূন (কেলছিয়াম হাইড্ৰক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা ?
উত্তৰঃ মাটি টুকুৰা অত্যাধিক আম্লিক হোৱাৰ বাবে মাটিৰ আম্লিকতা প্ৰশমনৰ বাবে কৃষকে কৃষিক্ষেত্ৰত পোৰা চূন (কেলছিয়াম অক্সাইড) বা শিথিলিত চূন (কেলছিয়াম হাইড্ৰক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট)ৰ দৰে ক্ষাৰক প্ৰয়োগ কৰে ।
প্ৰশ্নাৱলী
1. যৌগ CaOCl2ৰ সাধাৰণ নামটো কি ?
উত্তৰঃ যৌগ CaOCl2ৰ সাধাৰণ নামটো হল ব্লিচিং পাউদাৰ ।
2. ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা ।
উত্তৰঃ ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম শুকান শিথিলিত চূণ, Ca(OH)2.
3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা ।
উত্তৰঃ কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম হল কাপোৰ ধোৱা ছডা, Na2CO3.10H2O
4. ছডিয়াম হাইড্ৰজেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া
উত্তৰঃ ছডিয়াম হাইড্ৰজেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ই বযোজিত হৈ ছডিয়াম কাৰ্বনেট (Na2CO3), পানী (H2O) আৰু কাৰ্বন ডাই অক্সাইড (CO2) গেছ উৎপন্ন হয় ।
5. প্ৰষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা ।
উত্তৰঃ প্লাষ্টাৰ অব পেৰিছক পানীত মিহলালে জিপছামলৈ পৰিৱৰ্তিত হয় । বিক্ৰিয়াটোৰ সমীকৰণটো হল CaSO4.1/2H2O(s) + 1 1/2H2O(l) → CaSO4.2H2O(s) (জিপছাম)
অনুশীলনী
1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে । ইয়াত PH হব পাৰে -
(a)1 (b)4 (c)5 (d)10
উত্তৰঃ (d)10
2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে । গেছটোৱে চূনপানী ঘূলা কৰে । দ্ৰৱটোত থাকে -
(a) Nacl (b)HCl (c) Licl (d) KCl
উত্তৰঃ (b)HCl
3. NaOH দ্ৰৱ এটাৰ 10ml এ HCl দ্ৰৱএটাৰ 8ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে । যদি আমি একেটা NaOH দ্ৰৱৰ 20ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হব-
(a) 4ml (b)8ml (c)12ml (d)16ml
উত্তৰঃ (d)16ml
4.অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় ?
(a) এন্টিবায়টিক (b)বেদনানাশক (anaglesic) (c)অম্লনাশক (d) বীজাণুবাৰক (antiseptic)
উত্তৰঃ (c)অম্লনাশক
5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া-
(a)লঘু ছালফিউৰিক এছিডে যিংকৰ ঘূড়িৰে সৈতে বিক্ৰিয়া কৰে ।
(b)লঘু হাইড্ৰক্লৰিক এছিডে মেগনেছিয়াম ফটাৰে সৈতে বিক্ৰিয়া কৰে ।
(c)লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে ।
(d)লঘু হাইড্ৰক্লৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে ।
উত্তৰঃ (a) যিংকৰ গুড়ি + লঘু ছালফিউৰিক এছিড → যিংক ছালফেট + হাইড্ৰজেন
Zn(s) + H2SO4(aq) → ZnSO4 (aq) + H2 (g)
(b) মেগনেছিয়াম ফিতা + লঘু হাইড্ৰক্লৰিক এছিড → মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন
Mg (s) + 2HCl (aq) → MgCl2(aq) + H2(g)
(c) এলুমিনিয়াম পাউদাৰ + লঘু ছালফিউৰিক এছিড → এলুমিনিয়াম ছালফেট + হাইড্ৰজেন
2Al (s) + 3H2SO4(aq) → Al2(SO4)3 (aq) + 3H2(g)
(d) লোৰ গুড়ি + লঘু হাইড্ৰক্লৰিক এছিড → আইৰণ (II) ক্লৰাইড + হাইড্ৰজেন
Fe(s) + 2HCl (aq) → FeCl2(aq) + H2(g)
6. এলকহল আৰু গ্লুকজৰ দৰে যৌগবোৰতো হাইড্ৰজেন থাকে । কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই । ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰঃ এটা বিকাৰত গ্লুকজৰ দ্ৰৱ লোৱা হল । এটা কৰ্কৰ সহায়ত দ্ৰৱৰ ভিতৰত দুটা গজাল সুমুৱাই দি গজাল দুটাৰ মূৰত তাঁৰৰ সহায়ত 6 ভল্টৰ বেটাৰী, এটা বাল্ব আৰু এটা চুইচ সংযোগ কৰা হল । এতিয়া চুইচটো দিয়াত বাল্বটো জ্বলা নাই । একেদৰে গ্লুগজৰ পৰিৱৰ্তে এলকহল দ্ৰৱতো চুইচ দিলে বাল্বটো নজ্বলে । অৰ্থাৎ, দ্ৰৱত হাইড্ৰজেন আয়ন (H+)উৎপন্ন হোৱা নাই । সেইবাবে এলকহল আৰু গ্লুকজক এছিডত শ্ৰেণীভূক্ত কৰা হোৱা নাই ।
7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?
উত্তৰঃ বৰষুণৰ পানীত H+ আয়ন থাকে বাবে বিদ্যুৎ সৰবৰাহ কৰে । আনহাতে, পাতিত পানীত H+ আয়ন নাথাকে বাবে বিদ্যুৎ সৰবৰাহ নকৰে ।
8. পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় ?
উত্তৰঃ H+ আয়ন বা হাইড্ৰনিয়াম আয়নৰ উপস্থিতিৰ বাবে এছিডে এছিডৰ ধৰ্ম প্ৰদৰ্শন কৰে । এছিডে কেৱল জলীয় দ্ৰৱত অৰ্থাৎ পানীৰ উপস্থিতিতহে আয়ন উৎপন্ন কৰে । সেয়ে, পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে ।
9. পাচঁটা দ্ৰৱ A, B, C, D আৰু E ক সৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত PH ৰ মান ক্ৰমে 4,1,11,7 আৰু 9 দেখুৱাইছিল । কোনটো দ্ৰৱ-
(a)প্ৰশম
(b)তীব্ৰ ক্ষাৰকীয়
(c)তীব্ৰ আম্লিক
(d)মৃদু আম্লিক (d) মৃদু ক্ষাৰকীয়
উত্তৰঃ (a) দ্ৰৱ D প্ৰশম, যিহেতু PH ৰ মান 7(=7).
(b) দ্ৰৱ C তীব্ৰ ক্ষাৰক, যিহেতু PH ৰ মান 11(>7).
(c) দ্ৰৱ B তীব্ৰ আম্লিক, যিহেতু PH ৰ মান 1(<7).
(d) দ্ৰৱ A মৃদু আম্লিক, যিহেতু PH ৰ মান 4(<7).
(e) দ্ৰৱ E মৃদু ক্ষাৰকীয়, যিহেতু PH ৰ মান 9(>7).
এটা দ্ৰৱৰ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হলে ইয়াৰ PH ৰ মান কম হয় আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা কম হলে ইয়াৰ PH ৰ মান বেছি হয় । গতিকে, এই দ্ৰৱবোৰৰ হাইড্ৰজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত PH ৰ মানবোৰ হৈছেঃ (C) PH 11< (E) PH 9 < (D) PH 7 < (A) PH 4 < (B) PH 1
10. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হল । পৰীক্ষানল A ত হাইড্ৰক্লৰিক এছিড (HCl)আৰু পৰীক্ষানল ত এচেটিক এছিড যোগ কৰা হল । এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে । কোৱটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয় ?
উত্তৰঃ পৰীক্ষানল A ত বেছি বুৰবুৰণি ওলাব । কাৰণ, HCl এছিড এচেটিক এছিড, CH3COOH তকৈ তীব্ৰ । গতিকে HCl এছিড আৰু মেগনেছিয়ামৰ মাজৰ বিক্ৰিয়াৰ বেগ বেছি হব । গতিকে A ত B তকৈ বেছি শব্দ কৰি বুৰবুৰণিৰ সৃষ্টি হব ।
11. কেঁচা গাখীৰৰ PH ৰ মান 6 । ই দৈত পৰিণত হলে PH সলনি হবনে ? ব্যাখ্যা কৰা ।
উত্তৰঃ কেঁচা গাখীৰ দৈত পৰিণত কৰিলে আম্লিক হয় আৰু PH ৰ মান কমি আহে । কৰাণ, প্ৰক্ৰিয়াটোত লেক্টিক এছিড উৎপন্ন হয় ।
12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছডা যোগ কৰিলে ।
(a) কিয় তেওঁ কেঁচা গাখীৰৰ PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ললে ।
(b) এই গাখীৰখিনি দৈত পৰিণত হবলৈ বেছি সময় লাগে কিয় ?
উত্তৰঃ- (a) গখীৰত বেকিং ছডা মিহলালে গাখীৰ সামান্য পৰিমাণে ক্ষাৰকীয় হয় আৰু সহজে টেঙা নহয় ফলত গাখীৰখিনি বেছি সময়লৈ নষ্ট নোহোৱাকৈ থাকে ।
(b) ক্ষাৰকীয় গাখীৰখিনি দৈত পৰিণত হবলৈ বেছি সময় লাগে কাৰণ প্ৰক্ৰিয়টোত উৎপন্ন হোৱা লেকটিক এচিডে প্ৰথমতে গাখীৰত থকা ক্ষাৰ প্ৰশমিত কৰিব লাগিব । অধিক পৰিমাণে লেকটিক এচিড উৎপন্ন হলেহে গখীৰখিনি দৈত পৰিণত হব ।
13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে । কিয় ? ব্যাখ্যা কৰা ।
উত্তৰঃ- প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্পৰ সংস্পৰ্শলৈ ৰাখিলে ই জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয় । ফলত ই কঠিন হৈ ব্যৱহাৰৰ অনুপয়োগী হয় । সেয়েহে ইয়াক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে ।
14. প্রশমন বিক্রিয়া কি ? দুটা উদাহৰণ দিয়া । কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা ।
উত্তৰঃ- এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয় । এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে । উদাহৰণ -
HCl(aq)+NaOH(aq)→NaCl2(aq)+H2O(l)
2NaOH(aq)+H2SO4(aq)→Na2SO4(aq)+2H2O(l)