প্ৰশ্নাৱলী(পৃষ্ঠা-257)
1. কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয় ?
উত্তৰঃ-যিবিলাক পদাৰ্থৰ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয় তেনেবিলাক পদাৰ্থক জীৱ নিম্নিকৰণ পদাৰ্থ বুলি কোৱা হয় । আনহাতে যিবিলাক পদাৰ্থ এনে জৈৱিক প্ৰক্ৰিয়াৰে সৰল পদাৰ্থলৈ সলনি নহয় সেই পদাৰ্থখিনিয়েই হল জীৱ অনিম্নিকৰণ পদাৰ্থ । জীৱ নিম্নিকৰণ পদাৰ্থ বিয়োজকে খাদ্য হিচাপে গ্ৰহণ কৰে আনহাতে জীৱ অনিম্নিকৰণ পদাৰ্থক বিয়োজকে খাদ্য হিচাপে গ্ৰহণ কৰিব নোৱাৰে ।
2. জীৱ নিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ।
উত্তৰঃ- জীৱ নিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনা হল-
i) এইবোৰ বিয়োজিত হোৱাৰ ফলত প্ৰদূষণৰ পৰা পৰিৱেশ সুৰক্ষিত হয় ।
ii) এইবোৰ পদাৰ্থই মাটিৰ গঠন, পুষ্টি দ্ৰব্যৰ মান উন্নত কৰে ।
3. জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ।
উত্তৰঃ-জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা হল-
i) মাটি আৰু জলাশয় দূষিত কৰে । ইয়াৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু পানী প্ৰদূষিত হয় ।
ii) পৰিৱেশত দীৰ্ঘকাল ধৰি এইবোৰৰ অস্তিত্ব থাকে । সেয়েহে এইবোৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতিৰ কাৰণ হয় ।
প্ৰশ্নাৱলী(পৃষ্ঠা-261)
1. পৌষ্টিক স্তৰ কি ? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা ।
উত্তৰঃ- খাদ্য শৃংখলৰ বিভিন্ন স্তৰসমূহ যত তলৰ স্তৰৰ পৰা ওপৰৰ স্তৰলৈ খাদ্য বা শক্তিৰ স্থানান্তৰণ হয় তাকে পৌষ্টিক স্তৰ বোলে ।
পুখুৰী এটাত থকা খাদ্য শৃংখলৰ উদাহৰণঃ- পুখুৰীৰ অপতৃন-->কীট-পতংগ-->মাছ-->বগলী ।
i) উৎপাদকঃ- পুখুৰীত থকা অপতৃণ আৰু শেলাইবোৰ হল খাদ্য শৃংখলৰ উৎপাদক ।
ii) প্ৰাথমিক উপভোক্তাঃ- দ্বিতীয় পৌষ্টিক স্তৰত থকা পুখুৰীৰৰ অপতৃণবোৰ ভক্ষন কৰা কীট-পতংগবোৰ ।
iii) দ্বিতীয়ক উপভোক্তাঃ- সৰু সৰু কীট-পতংগ ভক্ষন কৰা পুখুৰীত থকা মাছবোৰ হল দ্বিতীয়ক শ্ৰেণীৰ উপভোক্তা ।
iv) তৃতীয়ক উপভোক্তাঃ- সৰু সৰু মাছবোৰ ভক্ষণ কৰা ডাঙৰ মাছ আৰু বগলী জাতীয় চৰাইবোৰ হল খাদ্য শৃংখলটোৰ তৃতীয়ক উপভোক্তা । এইবোৰ চতুৰ্তক পৌষ্টিক স্তৰত থাকে ।
2. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ?
উত্তৰঃ- পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা হল-
i) মৃত উদ্ভিদ আৰু প্ৰাণী তথা বৰ্জিত পদাৰ্থসমূহৰ পচন আৰু বিয়োজনত সহায় কৰি পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে ।
ii) বিৰ্জিত পদাৰ্থবোৰৰ পৰা বিয়োজনৰ দ্বাৰা পোষক দ্ৰৱবোৰ সৃষ্টি কৰে আৰু মাটিৰ প্ৰাকৃতিক উৰ্বৰতা পুনৰ ঘূৰাই আনে ।
iii) পৰিৱেশত এক উপযুক্ত ভাৰসাম্যতা সৃষ্টি কৰে ।
প্ৰশ্নাৱলী(পৃষ্ঠা-264)
1. অ'জ'ন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰঃ- অজন হল তিনিটা অক্সিজেন পৰিমাণুৰে গঠিত অনু । সূৰ্যৰ পৰা ওলোৱা অতি বেঙুনীয়া ৰশ্মি (UV) আৰু O2 ৰ মাজত সংঘটিত বিক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ উচ্চ স্তৰত এই বিষাক্ত গেছ (O3) অজন উৎপন্ন হয় ।
পৰিস্থিতি তন্ত্ৰত অজনৰ প্ৰভাৱঃ-
i) ই সূৰ্যৰ পৰা নিৰ্গত ক্ষতিকাৰক অতি বেঙুনীয় ৰশ্মিৰ পৰা পৃথিৱী পৃষ্ঠক ৰক্ষা কৰে । অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত মানুহৰ দেহৰ চালৰ কৰ্কটৰোগ হোৱাৰ লগতে প্ৰতিৰোধ ক্ষমতাও ধ্বংস কৰে ।
ii) অজন স্তৰৰ অৱক্ষয়ে গোলকীয় উৎপাদক প্ৰভাৱিত কৰে বা গোলকীয় উষ্ণতা বৃদ্ধি কৰে ।
2. পেলনীয়া আৱৰ্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা ।
উত্তৰঃ- পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰাত সহায় কৰা দুটা পদ্ধতি হল-
i) জীৱ অনিম্নিকৰণ পদাৰ্থ সমূহৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু এইবোৰৰ পৰিৱৰ্তে কাগজ মৰাপাট, কপাহ আদিৰ দৰে জীৱ নিম্নিকৰণ পদাৰ্থসমূহৰ ব্যৱহাৰক অগ্ৰধিকাৰ দিয়া ।
ii) জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ পদাৰ্থসমূহক পৃথক পৃথক জাৱৰ পেলোৱা পাত্ৰত ৰাখিব লাগে যাতে পচন সাৰ আৰু জৈৱ নিম্নিকৰণ পদাৰ্থবোৰ ব্যৱহাৰ কৰিব পৰা যায় । আনহাতে, জীৱ অনিম্নিকৰণ পদাৰ্থবোৰ পুনৰাৱৰ্তিন কৰিব পৰা যায় ।
অনুশীলনী(পৃষ্ঠা-264)
1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে ?
a) ঘাঁহ, ফুল আৰু চামৰা
b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
d) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰঃ- a, c, d
2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?
a) ঘাঁহ, ঘেঁহু আৰু আম
b) ঘাঁহ, ছাগলী আৰু মানুহ
c) ছাগলী, গৰু আৰু হাতী
d) ঘাঁহ, মাছ আৰু ছাগলী
উত্তৰঃ- b) ঘাঁহ, ছাগলী আৰু মানুহ
3. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশৰ অনুকুল অভ্যাসৰ অন্তৰ্ভূক্ত ?
a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস
b) অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস ।
c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস ।
d) ওপৰৰ আটাইকেইটা অভ্যাস ।
উত্তৰঃ- d) ওপৰৰ আটাইকেইটা অভ্যাস ।
4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?
উত্তৰঃ- যদি এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলোৱা হয়, তেতিয়া-
i) পূৰ্বৱৰ্তী নিম্ন পৌষ্টিক স্তৰৰ জীৱবোৰৰ সংখ্যা অধিকভাৱে বৃদ্ধি হব । যিহেতু সেইবোৰক ভক্ষন কৰা নহব ।
ii) পৰৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবিলাক আনাহাৰে থকাৰ ফলত ইহঁতৰ সংখ্যা হ্ৰাস পাব ।
iii) খাদ্য শৃংখলৰ শক্তিৰ প্ৰবাহত ব্যাঘাত জন্মিব আৰু পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা বিনষ্ট হব ।
5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে ? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে ?
উত্তৰঃ- বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক আঁতৰাই দিলে বিভিন্ন পৌষ্টিক স্তৰত ভিন-ভিন প্ৰভাৱ পৰিব । উদাহৰণস্বৰূপে- যদি আমি খাদ্য শৃংখলৰ পৰা সকলোবিলোবোৰ তৃণভোজী প্ৰাণীক আঁতৰাই দিওঁ তেন্তে ইয়াৰ ফলত উৎপাদক বোৰৰ অৰ্থাৎ ঘাঁহ আৰু গছ-গছনিসমূহ অস্বাভাৱিকভাৱে বৃদ্ধি পাব । ফলস্বৰূপে পৰৱৰ্তী স্তৰৰ সকলোবোৰ মাংসভোজীৰ খাদ্যৰ অভাৱত মৃত্য়ু হব আৰু ইয়াৰ অন্তিম পৰিণতি স্বৰূপে শীৰ্ষ স্তৰীয় মাংসভোজীবোৰৰো অনাহাৰত মৃত্যু হব।
পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱক আঁতৰাই পেলাব পৰা নাযায় । উদাহৰণস্বৰূপে যদি এটা অঞ্চনৰ সকলোবোৰ হৰণা মাৰি পেলোৱা হয় তেন্তে ইয়াৰ ফলত উৎপাদকৰ সংখ্যা অৰ্থাৎ সেউজীয়া উদ্ভিদৰ সংখ্যা বৃদ্ধি পাব । আনহাতে কম পৰিমাণৰ প্ৰতিযোগীতাৰ বাবে ভেঁড়া, ছাগলী, শহা পহু আদিৰ দৰে অন্য তৃণভোজী প্ৰাণীসমূহৰ সংখ্যা বৃদ্ধি হব।
এনেদৰে কোনো এটা জীৱক সম্পূৰ্ণৰূপে আঁতৰাই দিলে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিব ।
6. জৈৱিক ববৰ্ধক (Biological Magnification) বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে ?
উত্তৰঃ- যিকোনো খাদ্য শৃংখলত মানুখিনিয়ে একেবাৰে শীৰ্ষ স্থানত থাকে । সেইবাবে ৰাসায়নিক পদাৰ্থবিলাক আমাৰ শৰীৰতে আটাইতকৈ বেছি পৰিমানে মজুত হয় । এই পৰিঘটনাটোকে জৈৱিক বিবৰ্ধক বুলি কোৱা হয় ।
পৰিস্থিতি তন্ত্ৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হয় । এইবোৰ প্ৰথমতে উৎপাদক সমূহৰ ভিতৰত প্ৰৱেশ কৰে, যত ইহঁতৰ পৰিমাণ(গাঢ়তা) অতি কম হয় । যিহেতু প্ৰাথমিক উপভুক্তাবোৰে উৎপাদকবোৰক ভক্ষন কৰে সেয়েহে প্ৰাথমিক উপভুক্তাবোৰৰ দেহত বিষাক্ত পদাৰ্থবোৰৰ গাঢ়তা বৃদ্ধি হয় । এইদৰে এই পৰিমাণ তৃতীয়ক উপভুক্তাৰ স্তৰত সৰ্বাধিক হয় । সেয়েহে মানুহৰ দেহত এই বিষাক্ত পদাৰ্থবোৰ আটাইতকৈ বেছি মজুত হয় বা জমা হয় ।
7. আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে ?
উত্তৰঃ- জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা হব পৰা সমস্যা সমূহ হল-
i) এইবোৰৰ প্ৰাকৃতিকভাৱে বিয়োজন ঘটাব পৰা নাযায় । ইয়াৰ দ্বাৰা ভূমি আৰু জলাশয় দূষিত হয় ।
ii) প্লাষ্টিকৰ মোনা, পাত্ৰ, বটল আদিৰ দৰে পেলনীয়া সামগ্ৰীবোৰে নলা নৰ্দমাবোৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে ।
iii) মাটিৰ গুণাগুণ নাইকিয়া কৰে আৰু গছ-গছনি বৃদ্ধিত বাধা প্ৰদান কৰে ।
iv) এইবোৰে পৰিস্থিতি তন্ত্ৰৰ প্ৰকৃতিক ভাৰসাম্যতা ধ্বংস কৰে ।
8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেনেহলে পৰিৱেশৰ ওপৰত একো প্ৰভাব নপৰাকৈ থাকিবনে ?
উত্তৰঃ- সৃষ্টি হোৱা আৱৰ্জনাবোৰৰ সকলোবিলাক জীৱ নিম্নিকৰণ পদাৰ্থ হয় তেনেহলে আমাৰ পৰিৱেশত নিম্নুক্ত ধৰণৰ প্ৰভাৱ পেলাব-
i) দুৰ্গন্ধঃ- জীৱ নিম্নিকৰণ আৱৰ্জনাবোৰত অনুজীৱসমূহৰ ক্ৰিয়াৰ বাবে বিয়োজন গটিলে দুৰ্গন্ধ নিৰ্গত হব ।
ii) বায়ু প্ৰদূষণঃ- আৱৰ্জনাবোৰৰ পচন আৰু বিয়োজনৰ ফলত মিথেন আৰু কাৰ্বন ডাই অক্সাইডৰ দৰে ক্ষতিকাৰক গেছ সমূহ পৰিৱেশত মুক্ত হব যিয়ে বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব ।
iii) ৰোগৰ কাৰণঃ- জলাশয় আৰু বাস গৃহৰ ওচৰত আৱৰ্জনা পেলালে পৰিৱেশ দূষিত হব আৰু ৰোগৰ সংক্ৰমণ ঘটিব ।
অৱশ্যে জীৱ নিম্নিকৰণ আৱৰ্জনাসমূহ পৰিৱেশত দীৰ্ঘ কাল ধৰি বৰ্তি নাথাকে । সেয়েহে এইবোৰ কু-প্ৰভাৱবোৰ অতি কম সময়ৰ বাবেহে পৰিৱেশত বৰ্তি থাকে ।
9. অজন স্তৰৰ অৱক্ষয় কিয় এক চিন্তাৰ কাৰণ ? এই অৱক্ষয় ৰোধ কৰাৰ বাবে কি কি প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ?
উত্তৰঃ- বায়ুমণ্ডলৰ উচ্চ স্তৰত অজন গেছে এক বিশেষ ধৰণৰ ভূমিকা পালন কৰি আছে । এই অজন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰি আহিছে । এই অতি বেঙুনীয়া ৰশ্মি জীৱ জগতৰ বাবে অতি ক্ষতিকাৰক ।
অজন স্তৰৰ অৱক্ষয়ে গোলকীয়া উষ্ণতা বৃদ্ধি কৰে । গোলকীয় উষ্ণতাৰ ফলস্বৰূপে কিছুসংখ্যক অনুজীৱৰ মৃত্যু হৈছে যিয়ে পৰিৱেশত ভাৰসাম্যহীনতা সৃষ্টি কৰে । সেয়েহে অজন স্তৰৰ অৱক্ষয় এক চিন্তাৰ কাৰণ হৈ পৰিছে ।
এই অজন স্তৰ অৱক্ষয় ৰুধ কৰিবলৈ গ্ৰহণ কৰা প্ৰতিকাৰমূলক ব্যৱস্থাসমূহ হল-
i) 1987 চনত UNEP য়ে চুক্তি কৰিছিল যে 1986 চনত যিমান পৰিমানৰ CFC উৎপন্ন কৰিছিল তাতকৈ যাতে বেছি উৎপাদন কৰা নহয় ।
ii) মানুহক বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ গছ-গছনি ৰোপন কৰিবলৈ উৎসাহিত কৰা হৈছে ।
iii) CFC, No2 আদিৰ দৰে সেউজ গৃহ গেছসমূহ ব্যৱহাৰ সীমিত কৰা হৈছে ।