Chapter 3 ধাতু আৰু অধাতু Class 10 Science
1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু (i) সাধাৰণ উঞ্চতাত ( room temperature ) জুলীয়া । (ii) কটাৰিৰে সহজে কাটিব পাৰি । (iii) তাপৰ আটাইতকৈ সুপৰিবাহী । (iv) তাপৰ কম পৰিবাহী । উত্তৰঃ (i) পাৰা (ii) ছডিয়াম (iii) ৰূপ (iv) লেড

অধ্যায় ৩

প্রশ্নাৱলী

1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উঞ্চতাত ( room temperature ) জুলীয়া ।
(ii) কটাৰিৰে সহজে কাটিব পাৰি ।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী ।
(iv) তাপৰ কম পৰিবাহী ।

উত্তৰঃ (i) পাৰা
(ii) ছডিয়াম
(iii) ৰূপ
(iv) লেড

2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা ।
উত্তৰঃ-

প্রশ্নাবলী

1. ছ'ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?
উত্তৰঃ- ছডিয়াম এবিধ অতি সক্ৰিয় ধাতু । ই মুক্ত অৱস্থাত অক্সিজেন আৰু পানীৰ লগত বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপৰ উদ্ভৱ কৰে । সেইবাবে ইয়াক কেৰাচিনৰ তেলত ডুবাই ৰখা হয় ।

2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা-
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া ।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া ।

উত্তৰঃ- (i)3Fe(s)+4H2O(g)→Fe3O4(s)+4H2(g)
(ii)পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়াঃ
(a) Ca(s)+2H2O(l)→ Ca(OH)4(aq) + H2(g)
(b) পানীৰ লগত পটেছিয়ামৰ বিক্ৰিয়াঃ
2K(s) + 2H2O(l) → 2KOH(aq) + H2(g)

3 . A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল । ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে ।

ধাতুআইৰণ (II) ছালফেটকপাৰ (II) ছালফেটজিংক ছালপেটছিলভাৰ নাইট্ৰেট
Aবিক্ৰিয়া নহয়প্ৰতিস্থাপন--
Bপ্ৰতিষ্ঠাপন-বিক্ৰিয়া নহয়-
Cবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়প্ৰতিস্থাপন
Dবিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়বিক্ৰিয়া নহয়

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া ।
(i) আটাইতকৈ সক্রিয় ধাতু কোনটো ?
(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হ'ব ?
(iii) A B C D ধাতুক সক্ৰিয়তাৰ নিম্নক্রমত সজোৱা ।

উত্তৰঃ- ওপৰৰ উল্লিখিত ধাতুৰ বাবে সক্ৰিয়তা শ্ৰেণীৰ অধোমুখী ক্ৰম হব এনেধৰণৰঃ
Zn > Fe > Cu > Ag
(i) আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে B.
(ii) B ধাতুটো দিলে ই কপাৰ ছালপেট লৱণৰ পৰা কপাৰক অপসাৰিত কৰিব ।
(iii) A, B,C,D ধাতুবোৰৰ সক্ৰিয়তাৰ নিম্নক্ৰম হব এনেধৰণৰ-
B>A>C>D

4. লঘু হাইড্ৰ'ক্ল'ৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা ।
উত্তৰঃ- লঘু হাইড্ৰক্লৰিক এছিড সক্ৰিয় ধাতু এটাৰ লগত যোগ দিলে হাইড্ৰজেন গেছ উৎপন্ন হয় ।
আইৰনে লঘু H2SO4ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণটো হলঃ
Fe(s) + H2SO4(aq)→ FeSO4(aq) + H2(g)

5. আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা ? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা ।
উত্তৰঃ- যিংক ধাতু আইৰণ তকৈ অধিক সক্ৰয় হোৱৰ বাবে ই আইৰণক লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব । আইৰণ(II) ছালফেট (FeSO4)ৰ দ্ৰৱত যিংক দিলে আইৰণ(II) ছালফেট দ্ৰৱৰ সেউজীয়া বৰণ ক্ৰমে নোহোৱা হৈ বৰণহীন যিংক ছালফেট (ZnSO4) ৰ দ্ৰৱৰ সৃষ্টি কৰিব ।
Zn(s) + FeSO4(aq) → ZnSO4(aq) + Fe (s)

প্রশ্নাবলী

1.(i) ছ'ডিয়াম,অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন ( electron dot structure ) লিখা ।
(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা ।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি ?

উত্তৰঃ- (i)
(ii)
(iii)

2.আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?
উত্তৰঃ- আয়নীয় যৌগসমূহ ধনাত্মক আৰু ঋনাত্মক আধানযুক্ত আয়নেৰে গঠিত। বিপৰীতভাৱে আহিত এই আয়নসমূহৰ মাজত থকা বিদ্যুৎস্থিতীয় আকৰ্ষণ বলৰ মান যথেষ্ট বেছি। ফলত আয়নসমূহ পৃথক কৰিবলৈ যথেষ্ট তাপ শক্তিৰ প্ৰয়োজন। সেইবাবে এইবোৰৰ গলনাংক বেছি ।

প্রশ্নাবলী

1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা ।
(i) মণিক ( mineral ) (ii) আকৰ ( ore ) (iii) খনিজ মল ( gangue )

উত্তৰঃ- (i) পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বুলি কোৱা হয় ।
(ii) কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি । এই ধৰণৰ খনিজ পদাৰ্থবিধক ধাতুটোৰ আকৰিক বা আকৰ বুলি কোৱা হয় ।
(iii) খনিৰ পৰা আহৰণ কৰাৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি আদি অপদ্ৰব্য বা অশুদ্ধি মিহলি হৈ থাকে তাকে খনিজ মল বোলে ।

2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা ।
উত্তৰঃ- প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হল - সোণ আৰু ছিলভাৰ ।

3.অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয় ?
উত্তৰঃ- অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয় ।

প্রশ্নাবলী

1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হল ।

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইড
মেগনেছিয়াম অক্সাইড
কপাৰ অক্সাইড


কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব ?
উত্তৰঃ--

ধাতুযিংকমেগনেছিয়ামকপাৰ
যিংক অক্সাইড-প্ৰতিস্থাপনবক্ৰিয়া নহয়
মেগনেছিয়াম অক্সাইডবিক্ৰিয়া নহয়-
কপাৰ অক্সাইডপ্ৰতিস্থাপনপ্ৰতিস্থাপন-


2. কোনবোৰ ধাতু সহজে ক্ষয় নহয় ?
উত্তৰঃ- সক্ৰিয়তা শ্ৰেণীৰ তলৰফালে থকা আটাইতকৈ কম সক্ৰিয় ধাতু যেনে - সোণ, ৰূপ, প্লেটিনাম আদি ধাতুবোৰ সহজে ক্ষয় নহয় ।

3. সংকৰ ধাতু কি ?
উত্তৰঃ- সংকৰ ধাতু হল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণ ।

অনুশীলনী

1.তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব ?
(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু ।
(b) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু ।
(c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু ।
(d) AgNo3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু ।

উত্তৰঃ- (d) AgNo3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু ।

2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?
(a) গ্ৰীজ ব্যৱহাৰ কৰি
(b) ৰং ব্যৱহাৰ কৰি
(c) যিংকৰ প্ৰলেপ দি
(d) ওপৰৰ সকলো

উত্তৰঃ- (c) যিংকৰ প্ৰলেপ দি

3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে । যৌগটো পানীত দ্ৰৱণীয় । সম্ভৱপৰ মৌলটো
(a) কেলছিয়াম
(b) কার্বন
(c) ছিলিকন
(d) আইৰন

উত্তৰঃ- (a) কেলছিয়াম

4 খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় ; যিংকৰ নহয় ৷ কিয়নো 2018 HSLC
(a) টিনতকৈ যিংক দামী ।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি ।
(c) যিংক টিনতকৈ অধিক সক্রিয় ।
(d) যিংক টিনতকৈ কম সক্রিয় ।

উত্তৰঃ- (c) যিংক টিনতকৈ অধিক সক্রিয় ।

5. তোমাক এটা হাতুৰী,এটা বেটাৰী,অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ'ল ।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?
(b) ধাতু / অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা ।

উত্তৰঃ- (a) প্ৰথমতে ধাতু আৰু অধাতুৰ নমুনাসমূহ হাতুৰীৰে কোবাই চোৱা হল । যদি এটা নমুনা হাতুৰীৰে কোবাই পাতৰ আকাৰ দিব পাৰি, তেন্তে ই ধাতু হব, অন্যথা ই অধাতু হব ।
দ্বিতীয়তে বেটাৰী, ছুইচ আৰু তাঁৰৰ দ্বৰা এটা বিদ্যুৎ বৰ্তনী তৈয়াৰ কৰি তাৰ মাজত কাটি তাত ধাতু আৰু আধাতুৰ নমুনাবোৰৰ থব লাগে যাতে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হব পাৰে । ছুইচ অন কৰিলে যদি বাল্ব জলে তেন্তে ধাতু হয় নহলে নমুনাটো অধাতু হব ।
(b) ধাতু আৰু অধাতুৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটোত হাতুৰী ব্যৱহাৰ কৰিব লাগে । কাৰণ ধাতুবোৰক কোবাই চেপেটা কৰিব পাৰি । আনহাতে অধাতুক নোৱাৰি ।

6. উভধর্মী অক্সাইড কাক বোলে ? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া ।
উত্তৰঃ- যিবোৰ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক উভয়ধৰ্মী অক্সাইড বোলে ।
উদাহৰণঃ- যিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড ।

7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে ।
উত্তৰঃ- হাইড্ৰজেন অপসাৰণ কৰা দুটা ধাতু হল -
ছডিয়াম আৰু কেলছিয়াম ।
হাইড্ৰজেন অপসাৰণ নকৰা দুটা ধতু হল-
কপাৰ আৰু ছিলভাৰ ।

8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড,কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি ল'ব লাগিব ?
উত্তৰঃ- অশুদ্ধ ধাতু M ক এনড হিচাপে, বিশুদ্ধ ধাতু M ক কেথড হিচাপে আৰু M ধাতুৰ দ্ৰৱণীয় লৱণ বিদ্যুৎ বিশ্লেষ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব ।

9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে । উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে ।
(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ'ব ?
(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা ।

উত্তৰঃ- (a)(i) শুষ্ক লিটমাচ কাগজৰ লগত কোনো বিক্ৰিয়া নকেৰ ।
(ii) গেছটোৱে (ছালফাৰ ডাই অক্সাইড) সিক্ত লিটমাছৰ লগত বিক্ৰিয়া কৰি কাগজক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব ।
(b)সংঘটিত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হল-
SO2 (g) + H2O (l) → H2SO3 (aq)

10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা ।
উত্তৰঃ- ৰঙৰ প্ৰলেপ দি আৰু দস্তালেপনৰ দ্বৰা লোত মামৰে ধৰা ৰোধ কৰিব পাৰি ।

11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে ?
উত্তৰঃ-আধাতুবিলাকে অক্সিজেৰনৰ লগত বিক্ৰিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে ।

12. কাৰণ দৰ্শোৱা
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম , গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয় ।
(b) ছ'ডিয়াম , পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় ।
(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় ।

উত্তৰঃ-(a) প্লটিনাম, গল্ড আৰু ছিলভাৰৰ নিচিনা ধাতুবোৰ উজ্জ্বল, উচ্চ ঘাতসহনশীল আৰু নমনীয় হোৱাৰ লগতে এইবোৰ সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে । সেই কাৰণে এইবোৰক গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

(b) ছডিয়াম, পটাছিয়ম আৰু লিথিয়াম ধাতুবোৰ অতি সক্ৰিয় হোৱা বাবে ইহঁতে বায়ুত থকা অক্সিজেন, জলীয় বাষ্প আদিৰ লগত বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰি জ্বলি উঠে । ইহঁতে যাতে বিক্ৰিয়া কৰিব নোৱাৰে সেইবাবে এইবোৰক তেলত ডুবাই ৰাখা হয় ।

(c) এলুমিনিয়াম তাপৰ সু পৰিবাহী । ই বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা এলুমিনিয়াম অক্সাইড অধিক সুস্থিৰ । এই এলুমিনিয়াম অক্সাইডৰ প্ৰলেপে ভিতৰৰ এলুমিনিয়ামক ক্ষয়ীভনৰ পৰা ৰক্ষা কৰে আৰু ই অধিক উষ্ণতাতো নষ্ট নহয় । সেইবাবে ইয়াক ৰন্ধানত ব্যৱহাৰ কৰা বৰ্তন হিচাপে ব্যৱহাৰ কৰা হয় ।

(d) কাৰ্বনেট আৰু ছালফাৰ আকৰসমূহৰ পৰা ধাতু আহৰণ কৰাৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰাটো অতি সহজ । সেয়েহে ধাতুৰ কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় ।

13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ( tamarind ) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে ? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে ?
উত্তৰঃ- নেমুত চাইট্ৰিক এছিড আৰু তেঁতেলীত টাৰটাৰিক এছিড থাকে । এইবোৰৰে কপাৰৰ পাত্ৰ ধুলে তাত থকা ক্ষাৰকীয় কপাৰ কাৰ্বনেটক মৃদু অম্লই দ্ৰৱীভূত কৰে আৰু কপাৰ চিকমিকাই উঠে । সেয়ে এনে পাত্ৰ চাফা কৰাৰ বাবে নেমু বা তেঁতেলী ৰস ব্যৱহাৰ কৰা হয় ।

14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা ?
উত্তৰঃ- (i) ধাতুবোৰে ধনাত্মক আধান উৎপন্ন কৰে কিন্তু আধাতুৱে ঋনাত্মক আধান উৎপন্ন কৰে ।
(ii) ধতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে আনহাতে অধাতুৱে আম্লিক অক্সাইড গঠন কৰে ।
(iii) ধাতুবোৰে সাধাৰণতে হাইড্ৰজেনৰ লগত বিক্ৰিয়া নকৰে কিন্তু আধাতুৱে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰা সুস্থিৰ যৌগ উৎপন্ন কৰে ।

15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল । তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল । এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল । মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰাৱকত ডুবাই ধৰিছিল । খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল ; পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল । মহিলাগৰাকী অপ্রস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল । মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি কব পাৰিবা নে ?
উত্তৰঃ- ভণ্ড মানুহজনে ব্যৱহাৰ কৰা দ্ৰৱটো হল একুৱা ৰেজিয়া বা অম্লৰাজ । যিটো 3:1 অনুপাতত মিহলোৱা গাঢ় হাইড্ৰক্লৰিক এছিড আৰু গাঢ় নাইট্ৰিক এছিডৰ মিশ্ৰণ ।

16. গৰম পানীৰ জলাধাৰ ( hot water tanks ) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় । কিন্তু ষ্টিল ( আইৰনৰ সংকৰ ধাতু ) ব্যৱহাৰ কৰা নহয় । কিয় ?
উত্তৰঃ- ষ্টিলতকৈ কপাৰ তাপৰ অধিক পৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে । সেই বাবে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় ।




 

Leave a Reply

Your email address will not be published. Required fields are marked *

  1. You cannot copy content of this page
Scroll to Top