প্ৰশ্নাৱলী (পৃষ্ঠা-200)
1. এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা ?
উত্তৰঃ- বিদ্যুৎ প্ৰবাহৰ নিৰবচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বোলে ।
2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া ।
উত্তৰঃ- প্ৰতি ছেকেণ্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ বুলি কোৱা হয় । অৰ্থাৎ 1A=1C/1S
3. এক কুলম্ব আধান হবলৈ প্ৰয়োজন হোৱা ইলেকট্ৰনৰ সংখ্যা গননা কৰে ।
উত্তৰঃ-
প্ৰশ্নাৱলী(পৃষ্ঠা-202)
1. পৰিবাহীত বিভাৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা ।
উত্তৰঃ- বৈদ্যুতিক কোষ (বেটেৰী)
2. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি কলে কি বুজা ?
উত্তৰঃ- যদি এক কুলম্ব আধান তাৰে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ চালিত কৰিবলৈ এক জুল কাৰ্য কৰিব লগা হয় তেন্তে বভৱভেদ হব 1 ভল্ট । 1V=1J/1C
3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব্ আধানক বিমান শক্তি দয়া হয় ?
উত্তৰঃ-
প্ৰশ্নাৱলী(পৃষ্ঠা-209)
1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ- পৰিবাহীৰ ৰোধ তাৰ i) দৈঘ্য, ii) প্ৰস্থচ্ছেদৰ কালি আৰু iii) পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে ।
2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰাবহ চালতি হয় ? আৰু কিয় ?
উত্তৰঃ- একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ ভিতৰত শকত তাঁৰডালত বেছি সহজে প্ৰবাহ চালিত হয় । ইয়াৰ কাৰণ এয়ে যে এডাল তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তনুপাতিক ।
3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে । ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হব ?
উত্তৰঃ-
4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?
উত্তৰঃ- উচ্চ উষ্ণতাত সংকৰে ধাতুৰ সহজে জাৰণ নঘটে সেইবাবে সিহঁতক বৈদ্যুতিক ইস্ত্ৰি, পাউৰুটি সেকা যন্ত্ৰ আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত ব্যৱহাৰ কৰা হয় ।
5. তালকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-
a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী ?
উত্তৰঃ- লো ।
b) কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী ?
উত্তৰঃ- ৰূপ ।
প্ৰশ্নাৱলী(পৃষ্ঠা-213)
1. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটাৰী, এটা 5 ওমৰ ৰোধক, এটা 8 ওমৰ ৰোধক, এটা 12 ওমৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা ।
উত্তৰঃ-
2. ৰোধৰ কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12 ওমৰ ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা । এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হব ?
উত্তৰঃ-