Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন Class 10 Science
1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়ড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা । উত্তৰ- নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডডাৰেইনাৰৰ ট্ৰায়াত আছিল । ট্ৰায়াডটো হল- Li, Na, K । এইটো ডবাৰেইনাৰৰ দ্বিতীয় স্তম্ভ (ৰে)ত আছিল । (Answer, Page- 80,81)

প্ৰশ্নাৱলী (Page- 81)


1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্ৰায়ড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা ।
উত্তৰ- নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডডাৰেইনাৰৰ ট্ৰায়াত আছিল । ট্ৰায়াডটো হল- Li, Na, K । এইটো ডবাৰেইনাৰৰ দ্বিতীয় স্তম্ভ (ৰে)ত আছিল । (Answer, Page- 80,81)

2. ডবাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
উত্তৰ- ডবাৰেইনাৰৰ শ্ৰেণীবিবাজনৰ সীমাবদ্ধতাবোৰ হল-
(i) ডবাৰেইনাৰে মাত্ৰ তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল । সেইবাবে এই পদ্ধতিটো ব্যৱহাৰউপযোগী নাছিল ।
(ii) তেওঁ মৌলবোৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজাইছিল আৰু মাজৰ মৌলটোৰ ভৰ আন দুটাৰ ভৰৰ গড় মানৰ প্ৰায় সমান হব লাগিছিল । যিটো শ্ৰেণীবিভাজনৰ সঠিত পদ্ধতি নাছিল । (Answer, Page- 80)

3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
উত্তৰ- নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হল-
(i) নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহব বুলিয়েই ধৰিছিল ।
(ii) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য আছিল । কেলছিয়ামৰ পাছত অষ্টম মৌলবোৰৰ ধৰ্ম প্ৰথমটোৰ সৈতে একে নাছিল ।
(iii) একেটা স্থানতে দুটাকৈ মৌলক স্থান দিছিল আৰু ধৰ্মৰ মিল নথকা মৌলকো একেটা স্তম্ভতে ৰাখিছিল ।
(iv) অষ্টক সূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য আছিল । (Answer, Page- 81)

প্ৰশ্নাৱলী (Page- 85)

1. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা । - K, C, Al, Si, Ba.
উত্তৰ- K2O, CO2, SiO2, BaO (Answer, Page- 83)

2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? (যিকোনো দুটা)
উত্তৰ- মেণ্ডেলিভে গেলিয়ামৰ উপৰিও স্কেনডিয়াম আৰু জাৰ্মেনিয়ামৰ বাবে তালিকাত ঠাই ৰাখি থৈ গৈছিল । (Answer, Page- 84)
[স্কেনডিয়ামক একা-বৰণ, গেলিয়ামক একা-এলুমিনিয়াম আৰু জাৰ্মেনিয়ামক একা-ছিলিকন নাম দিছিল ]

3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ (criteria) কি কি আছিল ?
উত্তৰ- মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ হল-
(i) মৌলবোৰক তেওঁ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজাইছিল ।
(ii) অক্সিজেন আৰু হাইড্ৰজেনৰে সৈতে গঠন কৰা যৌগবোৰৰ ওপৰত তেওঁ গুৰুত্ব দিছিল ।
(iii) মৌলটোৱে গঠন কৰা হািড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল । (Answer, Page- 82)

4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?
উত্তৰ- হিলিয়াম (He), নিয়ন (Ne) আদিৰ দৰে সম্ভ্ৰান্ত গেছবোৰ অতিশয় নিষ্ক্ৰীয় আৰু কম মাত্ৰাত থকাৰ বাবে এইবোৰ আৱিষ্কাৰ হওঁতে বহু পলম হৈছিল । সেয়ে তালিকাখনত কোনো সাল-সলনি নকৰাকৈ ইহঁতক নতুন বৰ্গত স্থান দিয়া হৈছিল । (Answer, Page- 84)

প্ৰশ্নাৱলী (Page-90)

1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছেল ?
উত্তৰ-মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত সূত্ৰটোক সংশোধন কৰা হৈছিল আৰু পাৰমাণৱিক সংখ্যক আধুনিক পৰ্য্যাবৃ্ত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল ।
(i) মেণ্ডেলিভে তেওঁৰ তালিকাত হাইড্ৰজেনক নিশ্চিতভাৱে কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল । আনহাতে আধুনিক পৰ্য্যাবৃত্ত তালিকাত হাইড্ৰজেনক বৰ্গ ১ত একেবাৰে ওপৰফালে ৰখা হৈছে কাৰণ ইয়াৰ ইকেকট্ৰনীয় বিন্যাস ক্ষাৰ ধাতুবোৰৰ সৈতে একেই ।
(ii) মেণ্ডেলিভে তেওঁৰ তালিকাত মৌলবোৰৰ সমস্থানিক সমূহক সঠিক স্থান দিব পৰা নাছিল । কিয়নো ইহঁতৰ ৰাসায়নিক ধৰ্ম একে কিন্তু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ । আনহাতে আধুনিক পৰ্য্যাবৃত্ত তালিকাত মৌলৰ সমস্থানিক সমূহক একেটা স্থানতে আৰু একেটা বৰ্গতে ৰখা হৈছে । কিয়নো ইহঁতৰ পৰামাণৱিক সংখ্যা একে । (Answer, Page- 84, 85)

2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা । তোমাৰ এই বাচনিৰ ভিত্তি কি ?
উত্তৰ- মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব পৰা দুটা মৌল হল- বেৰিলিয়াম (Be) আৰু কেলছিয়াম (Ca) । কিয়নো ইহঁতৰ ইলেকট্ৰনীয় বিন্যাস- Mg- 2,8,2 , Be- 2,2 , Ca- 2,8,8,2 । ইহঁতৰ যোজক কক্ষত দুটাকৈ ইলেকট্ৰন আছে গতিকে Be আৰু Ca মৌল দুটাই মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব । (Answer, Page- 86, Modern Periodic Table)

3. নাম লিখা ।
(Answer, Page- 86, Modern Periodic Table)
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ ।

উত্তৰ- বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ নাম হল- লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম ।

(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌলৰ ।
উত্তৰ- বহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌলৰ নাম হল- মেগনেছিয়াম আৰু কেলছিয়াম ।

(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ ।
উত্তৰ- পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ নাম হল- হিলিয়াম, নিয়ন আৰু আৰ্গন ।

4. (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম - এই আটাইকেইটা ধাতু । ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ'জেন গেছ মুক্ত কৰে । এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে ?
উত্তৰ- লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম এই ধাতুকেইটোৰ বাহিৰতম কক্ষত এটাকৈ এলেকট্ৰন আছে আৰু সেয়ে ইহঁতৰ যোজ্যতা 1 । এই তিনিওটা ধাতুৱে একে ৰাসায়নিক বিক্ৰিয়া দেখুৱায় । (Answer, Page- 86, Modern Periodic Table)

(b) হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ । ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায় ?
উত্তৰ- হিলিয়াম আৰু নিয়নৰ পৰমাণুবোৰৰ মাজত মিল এয়ে যে ইহঁতৰ বহিৰতম কক্ষটো ইলেকট্ৰনেৰে পৰিপূৰ্ণ হৈ থাকে । (Answer, Page- 86, Modern Periodic Table)

5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু ?
উত্তৰ- আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত ধাতু কেইটা হল- লিথিয়াম (Li) আৰু বেৰিলিয়াম (Be) । (Answer, Page- 86, Modern Periodic Table)

6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা ?
Ga, Ge, As, Se, Be

উত্তৰ- এই মৌলকেইটাৰ ভিতৰত Be মৌলটো পৰ্য্যাবৃত্ত তালিকাত আটাইতকৈ বাওঁফালে বৰ্গ ২ ত আৰু আটাইতকৈ ওপৰত আছে । গতিকে Be মৌলটো আটাইতকৈ বেছি ধাতৱধৰ্মী হব । কিয়নো মৌলৰ ধাতৱীয় গুণ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফালে গলে কমে । (Answer, Page- 86, Modern Periodic Table)

অনুশীলনী (Page- 91)

1. পৰ্যাবৃত্ত তালিকাৰ পৰ্য্যয়বোৰত বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে ।
(b) যোজক ইকেট্ৰনৰ সংখ্যা বাঢ়ে ।
(c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় ।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে ।

উত্তৰ- (c) পৰমাণুবোৰ সিহঁতৰ যোজক ইলেকট্ৰন অধিক সহজে হেৰুৱায় । (Answer, Page- 89)

2. মৌল X য়ে XCl2 সংকেতৰ ক্ল'ৰাইড গঠন কৰে । ই উচ্চ গলনাংকযুক্ত এটা পদাৰ্থ । মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গত থকাৰ সম্ভৱনা সবাতোকৈ বেছি ?
(a) Na

(b) Mg
(c) Al
(d) Si
উত্তৰ- (b) Mg

3. কোনটো মৌলৰ আছে (Answer, Page- 86, Modern Periodic Table)
(a) ইলেকট্ৰনপূৰ্ণ দুটা কক্ষ ?
উত্তৰ- Ne (2,8)

(b) 2, 8, 2 ইলেকট্ৰনীয় বিন্যাস ?
উত্তৰ- Mg

(c) যোজক কক্ষত চাৰিটা ইলেকট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ ?
উত্তৰ- Si (ছিলিকন, 2,8,4)

(d) যোজক কক্ষত তিনিটা ইলেকট্ৰনৰে সৈতে মুঠ দুটা কক্ষ ?
উত্তৰ- B (বৰন)

(e) দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেকট্ৰন ?
উত্তৰ- C (কাৰ্বন)

4. (a). পৰ্যাবৃত্ত তালিকাত ব'ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?
উত্তৰ- পৰ্য্যাবৃত্ত তালিকাত বৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ যোজক কক্ষত তিনিটাকৈ ইলেকট্ৰন থাকে । অৰ্থাৎ এই মৌলবোৰৰ যোজ্যতা 3 । এই মৌলবোৰে বৰনৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব । (Answer, Page- 86, Modern Periodic Table)

(b). পৰ্যাবৃত্ত তালিকাত ফ্লুৰিনৰ সৈতে একেটাৰ স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?
উত্তৰ- পৰ্য্যাবৃ্ত্ত তালিকাত ফ্লুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ যোজক কক্ষত 7 টাকৈ ইলেকট্ৰন থাকে । এই মৌলবোৰৰ যোজ্যতা 1 আৰু ইহঁতে ফ্লুৰিনৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব । (Answer, Page- 86, Modern Periodic Table)

5. এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ'ল 2, 8, 7
a. এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ?

উত্তৰ- এই মৌলটোৰ পাৰমাণৱিক সংখ্যা হল 17 । (2+8+7= 17)

b.তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমানৱিক সংখ্যাবোৰ দিয়া হৈছে )
N (7) F (9) P (15) Ar (18)

উত্তৰ- F (9) সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব । কিয়নো F (2,7) ৰো যোজক কক্ষত 7 টা ইলেকট্ৰন আছে ।

6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C স্থানসমূহ তলত দেখুওৱা হৈছে ।

16 বৰ্গ17 বৰ্গ
__
_A
__
BC

(a) মৌল A ধাতুনে অধাতু ?
উত্তৰ- মৌল A অধাতু ।

(b) C মৌলটো A তকৈ বেছি সক্ৰয়নে কম সক্ৰিয় ?
উত্তৰ- C মৌলটো A তকৈ কম সক্ৰিয় ।

(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু ?
উত্তৰ- C মৌলটো আকাৰত B তকৈ সৰু ।

(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?
উত্তৰ- মৌল A এ এনায়ন গঠন কৰিব । (কিয়নো ইয়াৰ যোজক কক্ষত 7 টা ইলেকট্ৰন আছে আৰু ই সুস্থিৰ সজ্জা পাবৰ বাবে 1 টা ইলেকট্ৰন গ্ৰহণ কৰিব ।) (Answer, Page- 87,88)

7. নাইট্ৰ'জেন (পাৰমানৱিক সংখ্যা 7) আৰু ফছফ'ৰাছ (পাৰমানৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে । এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুতঋনাত্মক হ'ব আৰু কিয় ?
উত্তৰ- নাইট্জেন আৰু ফছফৰাছৰ ইলেকট্ৰনীয় বিন্য়াস হল-
নাইট্ৰজেন (N)- 2,5
ফছফৰাছ (F)- 2,8,5
ইহঁতৰ ইলেকট্ৰনীয় বিন্যাসৰ পৰা জানিব পাৰি যে বৰ্গ এটাত নাইট্ৰজেন, ফছফৰাছতকৈ ওপৰত আছে । গতিকে নাট্ৰজেন বেছি বিদ্যুতঋনাত্মক হব । কিয়নো বিদ্যুত ঋণাত্মক গুণ বৰ্গ এটাত তললৈ হ্ৰাস পায় ।

8. পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্য্যবৃ্ত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে ?
উত্তৰ- মৌল এটাৰ ইলেকট্ৰনীয় বিন্যাসৰ পৰা মৌলটোৰ পৰমাণুৰ কক্ষ আৰু যোজক ইলেকট্ৰনৰ সংখ্য়াৰ কথা জানিব পাৰি । এটা মৌলৰ পৰ্য্যায় সংখ্যা মৌলটোৰ পৰমাণুত থকা কক্ষৰ সংখ্যাই নিৰ্ধাৰণ কৰে । একে সংখ্যক কক্ষ থকা আটাইবোৰ মৌল একেটা পৰ্যায়ৰ অন্তৰ্ভুক্ত । আকৌ যিবোৰ মৌলৰ যোজক ইলেকট্ৰনৰ সংখ্যা একে, তেনেবোৰ মৌল একেটা বৰ্গৰে অন্তৰ্ভুক্ত হয় ।

9. আধুনিক পৰ্য্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমানৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে । এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে ?
উত্তৰ-

পাৰমাণৱিক সংখ্যাইলেকট্ৰনীয় বিন্যাসযোজক ইলেকট্ৰন
Ca (20)2,8,8,22
122,8,22
192,8,8,11
212,8,8,33
382,8,18,8,22

যিহেতু 12 আৰু 38 পাৰমাণৱিক সংখ্য়া বিশিষ্ট মৌল দুটাৰ আৰু Ca ৰ যোজক কক্ষত 2 টা কৈ ইলেকট্ৰন আছে, গতিকে এই মৌল দুটাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম কেলছিয়ামৰ সৈতে একে হব ।

10. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্য্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement) ৰ তুলনা কৰা ।
উত্তৰ-

মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাআধুনিক পৰ্য্য়াবৃ্ত্ত তালিকা
(i) হাইড্ৰজেনৰ স্থান স্পষ্ট নাছিল ।(i) হাইড্ৰজেনক ক্ষাৰ ধাতুৰ ওপৰত বৰ্গ ১ ত ৰখা হৈছে ।
(ii) পাৰমানৱিক ভৰৰ উৰ্ধ্বক্ৰমত মৌলবোৰক সজোৱা হৈছে ।(ii) পাৰমানৱিক সংখ্যাৰ উৰ্ধ্বক্ৰমত মৌলবোৰক সজোৱা হৈছে ।
(iii) মৌলৰ সমস্থানিকক সঠিক স্থান দিয়া হোৱা নাই।(iii) মৌলৰ সমস্থানিকবোৰৰ পাৰমাণৱিক সংখ্যাৰ একে হোৱা হেতুকে সমস্থানিকবোৰক একেটা স্থানতে ৰখা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

  1. You cannot copy content of this page
Scroll to Top